নগাঁওঃ যোৱা সাতটা দিনৰ ভিতৰত চোৰাং চিকাৰীয়ে ৰাজ্যত চাৰিটাকৈ গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ পিছতেই যেন সক্ৰিয় হৈ পৰিল অসম আৰক্ষী৷ বিশেষকৈ নগাঁও আৰক্ষীয়ে চোৰাং চিকাৰীক জালত পেলাবলৈ তীব্ৰ অভিযান চলোৱা পৰিলক্ষিত হয়৷
যোৱা বুধবাৰে নগাও আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চাৰিগৰাকী লোকে পলায়ণ কৰে৷ ৰাজ পথত গাড়ী এৰি পলায়ণ কৰা লোক কেইজনক শুকুৰবাৰে নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ নগাঁও আৰক্ষীয়ে কহিমাত আটক কৰবিলৈ সক্ষম হয় দুধৰ্ষ গঁড় চিকাৰী কেইটাক।