ধিংঃ নগাঁও আৰক্ষীৰ অভিযানত জালত পৰিল নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী ব্যৱসায়ী৷ জিলাখনৰ অতিৰিক্ত অাৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ীৰ বিৰুদ্ধে বুধবাৰে নিশা ধিঙৰ ধুপগুৰিত ব্যাপক অভিযান চলাই এটা দলে।
অভিযানত নিচাযুক্ত দ্ৰব্যৰ লগতে গাঞ্জা, বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে। ধূপগুৰিৰ অালী হুছেইন, মন্নাছ অালী, মোজামিল হক, ৰছিদুল ইছলাম, জেহিৰুল ইছলামৰ লগতে অাছে দুই নাবালকক বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ আৰক্ষীয়ে আটক কৰে।