newsnextone.com | বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাত অনুষ্ঠিত এটি সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে উৰা বাতৰিক গুৰুত্ব প্ৰদান নকৰিবলৈ ৰাইজক আহ্বান জনায়৷ দেওবাৰে আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা সভাত সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা যাচে৷ ঐতিহ্যমণ্ডিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমাজকৰ্মী ইন্দ্ৰ মোহন বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে যিকোনো উৰা-বাতৰি বিয়পোৱা লোকক সকীয়নি প্ৰদান কৰি আৰক্ষীয়ে ছচিয়েল মিডিয়াত নজৰ ৰখা বুলি কয়৷
ৰাইজে ফেচবুক, হোৱাটছএপ ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনাই যিকোনো বাৰ্তা ভালকৈ নপঢ়াকৈ বা বিবেচনা নকৰাকৈ আন আন ব্যক্তিলৈ কোনো কাৰণতে নপথাবলৈ আহ্বান জনায়৷ জিলা আৰক্ষী বিভাগে এনেদৰে ভুৱা আৰু উৰা-বাতৰি বিয়পোৱা চচিয়েল মিডিয়াত সক্ৰিয় ব্যৱহাৰকাৰীৰ ওপৰত চোকা নজৰ ৰাখিছে বুলি জানিবলৈ দি অভিভাৱকসকলক নিজৰ নিজৰ লৰা-ছোৱালীৰ মবাইল ইণ্টাৰনেট ব্যৱহাৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায়৷ বিজ্ঞানৰ এই অৱদানক ধনাত্মক দিশত ব্যৱহাৰ কৰি নিজৰ নিজৰ শৈক্ষিক দিশত সহায়ক কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷