নগাঁওঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ একান্ত প্ৰচেষ্টাত জিলাখনৰ কঠিয়াতলি চাৰিআলিৰপৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা উদ্ধাৰ কৰে ন্যায় সেৱা প্ৰাধিকাৰী নগাঁৱৰ এটি দলে৷ বহু দিনৰপৰা কঠিয়াতলি এলেকাত অনাই বনাই যেনি-তেনি ঘুৰি ফুৰা ২৮ বছৰীয়া এই মহিলা গৰাকীৰ নাম ছবি নায়ক৷
জানিব পৰা মতে, মহিলা গৰাকী গৰাবাৰী গাঁৱৰ গিৰ্জা লাইনৰ মৃত গোলাপ নায়কৰ জীয়ৰী৷ বিগত কেইমাহ মান ধৰি তেওঁ নিজ ঘৰৰপৰা গুচি আহি এনেদৰে অঘৰী জীৱন-যাপন কৰি আহিছে৷ আজি কিছুদিন পূৰ্বে কঠিয়াতলি অঞ্চলৰ একাংশ সমাজ সচেতন লোকে মহিলা গৰাকীৰ বিষয়ে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিক প্ৰনতি মৰাঙক অৱগত কৰাত তেওঁ এইদৰে মহিলা গৰাকীক উদ্ধাৰৰ লগতে যাৱতীয় অনন্য সুবিধা সমূহ মহিলা গৰাকীয়ে পাব পৰাকৈ ন্যায় সেৱা প্ৰাধিকাৰী তৰফৰপৰা এটি সজাতি দল গঠন কৰি কঠিয়াতলি পহৰা আৰক্ষী চকীৰ সহযোগত মহিলা গৰাকীক উদ্ধাৰ কৰি আনে৷