নগাঁও: নগাঁও জিলা আদালত ভৱনত নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ গাঁও পঞ্চায়ত কাৰ্যালয়সমূহৰ বাবে অলপতে নিযুক্তি পোৱা অৰ্ধ আইনী স্বেচ্ছাসেৱীসকলৰ এদিনীয়া এক সাময়িক প্ৰশিক্ষণ কাৰ্যসূচী সোমবাৰে অনুষ্ঠিত কৰা হয়৷ দিনৰ ১ বজাৰপৰা অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণ কাৰ্যসূচীৰ সঞ্চালনা কৰে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে৷
প্ৰশিক্ষণ কালত নগাঁও আইন সেৱা প্ৰাধিকাৰীয়ে কৰি অহা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ লগতে সমাজৰ দৰিদ্ৰ, নিচলা, নিপীড়িত, দিব্যাংগ লোক সকলৰ কল্যাণৰ উদ্দেশ্যে অলপতে উন্মোচন কৰা চাৰিটাকৈ নতুন প্ৰকল্প অনুভুতি, স্নেহ-বন্ধন, ৰঙীন সপোন আৰু পোহৰৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়োৱা হয়৷