92
নগাঁও টাউনঃ নগাঁও চহৰৰ নতুন বজাৰ অঞ্চলত নতুনকৈ নিৰ্মাণ কৰা এটা পথ আজি বিধায়ক ৰূপক শৰ্মাই উদ্বোধন কৰে। নগাঁও প্ৰেছ ক্লাৱক সংযোগ কৰা এই পথটো ২০১৬-২০১৭ বৰ্ষৰ মেৰামতি পূুজিৰ অধীনত গড়কাপ্তানি বিভাগৰ নগাঁও ৰাজ্যিক পথ সংমণ্ডলে নিৰ্মাণ কৰিছে।
পথটো নিৰ্মাণৰ ক্ষেত্ৰত আগভাগ লয় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। পথটো নিৰ্মাণৰ বাবে প্ৰেছ ক্লাৱকে ধৰি কেইবাটাও সংগঠনে বিধায়কজনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।