99
নগাঁওঃ নগাঁৱৰ নিজ হাতীচোং দীঘলিপাৰত দিবা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু অঞ্চলৰ ৰাইজৰ সহযোগত ৩০ আৰু ৩১ মে’ তাৰিখে দুদিনীয়া ব্যতিক্ৰমী কাৰ্যসূচীৰে ৰূপায়িত হ’ল এক বৰ্ণাঢ্য সাংস্কৃতিক অনুস্থান৷
৩০ মে’ দিনৰ ভাগত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, কবিতা আবৃত্তিৰ লগতে অনুস্থিত হয় “বিহু অসমীয়া জাতিৰ স্বৰ্ণৰেখা” শীৰ্ষক থিতাতে লিখা ৰচনা প্ৰতিযোগিতা৷