72
নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত জুৰীয়াত দেওবাৰে আমছুৰ উদ্যোগত তথা ৰাইজৰ সহযোগত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷
জুৰীয়াৰ বালুকটিয়াত দীৰ্ঘ দিনে চলি থকা ড্ৰাগছ, মদ, জুৱাৰ আদিৰ অবাধ প্ৰচলন বন্ধৰ বাবে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী৷ আৰক্ষীয়ে অঞ্চলটোত চলি থকা অসামাজিক কাৰ্য-কলাপ ৰোধ কৰাৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে নীৰৱ ভূমিকা গ্ৰহণ কৰি অহাত ড্ৰাগছ ব্যৱসায়ীয়ে বালুকটিয়াত চলাই আহিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা৷