বঢ়মপুৰঃ দৰিদ্ৰৰ জীৱন যেন মূল্যহীন৷ দৰিদ্ৰৰ কৃষি ভূমি নানান প্ৰলোভন দি পানীৰ দৰত কিনি নিশাৰ ভিতৰতে ধন কুবেৰে গঢ়ি তোলে একো একোটা উদ্যোগ৷ কেৱল কৃষকৰ ভূমিয়ে নহয় চৰকাৰে তেওলোকক দিয়ে হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি৷ দেশ তথা জাতীৰ উন্নয়ণৰ বাবে উদ্যোগ খুবেই প্ৰয়োজনীয়৷ কিন্তু দৰিদ্ৰ লোকৰ জীৱন বোৰোও প্ৰয়োজনীয় এখন দেশৰ বাবে৷
একোটা একোটা উদ্যোগ জনবসতি প্ৰধান অঞ্চলত গঢ়ি তোলাৰ ফলত উদ্যোগৰ ধুলি-বালি, ধোৱাই মানুহক প্ৰতিদিনে মৃত্যুৰ দিশে আগবঢ়ায় নিয়ে৷ নান ৰোগত আক্ৰান্ত হয় শ শ লোক৷ খুজুৱতি, উশা-নিশা লব নোৱাৰাৰ পৰিবেশৰ সৃষ্টি হয়৷ তাৰ মাজতে চামগুৰিত শ শ মহিলা ওলাই আহিল ৰাজ পথলৈ৷ চামগুৰিৰ আমনিত ক্ষুব্ধ ৰাইজে ৰাজ পথলৈ ওলাই আহি দাবী জনালে শিলৰ উদ্যোগ বন্ধ কৰাৰ৷