newsnextone.com | নগাঁওঃ কেৱল নগাঁও জিলাৰে নহয় নগাঁও জিলাৰ ৰামানুজন জুনিয়ৰ কলেজ এতিয়া ৰাজ্যখনৰ বাবে গৌৰৱৰ কলেজ হৈ পৰিছে৷ প্ৰতিবছৰে উন্নত ফলাফল কৰি শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অব্যাহত ৰাখি বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ঈৰ্ষণীয় সফলতা অৰ্জন কৰিছে নগঞা পৰীক্ষাৰ্থীয়ে৷
মুঠ ৯ গৰাকী নগঞা মেধাৱী পৰীক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ ইয়াৰ ভিতৰত কলা শাখাত ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী সম্প্ৰীতি ৰাজখোৱাই আৰু বাণিজ্য শাখাত গীতাঞ্জলী জুনিয়ৰ কলেজৰ ছাত্ৰ ৰৌণক লোহিয়াই অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি জিলাবাসীক গৌৰাৱান্বিত কৰে৷