নগাঁওঃ ৰাজ্যত নিতৌ পথ দুৰ্ঘটনা সংঘটিত হৈ যুৱকৰ মৃত্যু হোৱাৰ বাতৰি প্ৰচাৰ হৈ আহিছে৷ বিশেষকৈ যোৱা ২৪ ঘন্টাৰ ভিতৰত মঙলদৈ, গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যত প্ৰায় ৫ গৰাকী যৱকৰ বাইক দুৰ্ঘটনাত প্ৰাণ গৈছে৷ একাংশ অভিভাৱকে নিজ সন্তানক অসময়ত বাইক কনি দি অযথা মৰম দেখুওৱাৰ ফলতে এনে কাণ্ড সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন হয়৷
তাৰ মাজতে নগাঁও জিলাতো এচাম কম বয়সীয়া উদণ্ড যুৱকৰ দৌৰাত্ম্যই সৰ্বসাধাৰণ লোকৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷ ঘাইকৈ এচাম কম বয়সীয়া যুৱ বাইক চালকৰ চূড়ান্ত অতপালিয়ে সাধাৰণ নাগৰিকক চিন্তিত কৰিছে৷ আনকি দিনে-নিশাই যান-বাহন আইন উলংঘা কৰি তীব্ৰ গতিত বাইক চলোৱাৰ বাবেই বিগত সময়ছোৱাত জিলাখনৰ বিভিন্ন প্ৰান্তত বহুকেইজন যুৱকে অকাল মৃত্যুক সাৱটি লোৱাৰ লগতে ভালেসংখ্যকে আকৌ কম বয়সতে পংগু হয়৷