
ডিজিটেল ডেস্ক |নগাঁওঃ কলংপাৰৰ ঐতিহ্যমণ্ডিত চহৰ নগাঁৱত এইবাৰ প্ৰায় ডেৰশখন পূজা সমিতিৰ উদ্যোগত শাৰদীয় দূৰ্গা পূজা অনুষ্ঠিত হৈছে৷ ৪ লাখ টকাৰ পৰা ১৫-২৫ লাখ টকা লৈকে বিগ বাজেটেৰে পূজা সমিতিসমূহে একপ্ৰকাৰে পৰস্পৰে পৰস্পৰৰ মাজত প্ৰতিদণ্ডিতাত নামি পৰিছে৷ এইবাৰ নগাঁও চহৰৰ অধিকাংশ পূজা মণ্ডপতে ধৰ্মীয় সাংস্কৃতিক পৰম্পৰাগত বৈশিষ্ট্যৰ লগতে অত্যাধুনিক কাৰুকাৰ্য আৰু আলোকসজ্জাৰ চমক দেখিবলৈ পোৱা গৈছে৷ অৱশ্যে ইয়াৰ মাজতে প্ৰতিখন পূজা সমিতিয়েই নিজা নিজা পূজা মণ্ডপসমূহক সমন্বয়ৰ ক্ষেত্রলৈ পৰ্যৱেক্ষিত কৰাৰো প্ৰণ লোৱা দৃষ্টিগোচৰ গৈছে৷