চামগুৰিঃ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰে স্থানান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল নগাঁৱৰ পুৰণিগুদামত হিন্দু-মুছলমানৰ ঐক্য-সম্প্ৰতিৰ ৰঙাচূড়া স্বৰূপ বৰ মছজিদৰ মিনাৰটোৰ কাম। বিগত প্ৰায় এমাহৰপৰা মিনাৰটো স্থানান্তৰকৰণৰ কাম হাতত লোৱাৰ পাছতেই প্ৰতিকূল বতৰকো নেওচি ক্ষীপ্ৰগতিত মিনাৰ স্থানান্তকৰণৰ কাম আগবঢ়াৰ পাছতেই বৰ্তমান সম্পূৰ্ণ হ’ল মিনাৰটো ৭৫ ফুট স্থানান্তৰ প্ৰক্ৰিয়া।
উল্লেখ্য যে, ১৯০২ চনতে স্থানীয় ছাজিদুৰ ৰহমানৰ মাতৃৰ আৰ্থিক সাৰ্হায্যৰে সম্পূৰ্ণ থলুৱা সামগ্ৰীৰে অৰ্থ্যাৎ চিমেন্টৰ পৰিৱৰ্তে হাঁহৰ কণী, ধুনা, মাটিমাহ আৰু লোৰ ঠাইত পকা বাহঁৰে নিৰ্মাণ কৰা মিনাৰটোৰ সাম্ভাব্য উচ্ছেদ জাননী পাই নিৰাশ হোৱা পুৰণিগুদামবাসীয়ে চৰকাৰী পক্ষক বাৰে বাৰে আবেদন কৰিছিল যদিও ঐতিহাসিক এই পৌৰাণিক কীৰ্ত্তিস্তম্ভতো ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহন কৰা নাছিল৷