81
জয়ন্ত মুদৈ,নগাঁওঃ এতিয়া ৰবিশস্যৰ বতৰ৷ আলু, কবি, বেঙেনা, বিলাহী, পিঁয়াজ, গাজৰ, মূলা, ফেন্সবিন, সৰিয়হ আদিকে ধৰি নানা প্ৰকাৰৰ শাক-পাচলিৰে কৃষিভূমি উপচি পৰাৰ বতৰ এয়া৷
সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ গ্ৰামাঞ্চলবোৰৰ কৃষিভূমিসমূহো ৰবিশস্যৰে সেউজীয়া হৈ পৰিছে৷ ইয়াৰ ভিতৰত বিশেষভাৱে আলু আৰু সৰিয়হ খেতিয়েই অধিক পৰিমাণে নগঞাৰ কৃষিভূমিত অগ্ৰাধিকাৰ পোৱা পৰিলক্ষিত হৈছে৷