newsnextone.com | নগাঁওঃ নগাঁৱৰ ৰাইডঙীয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থলুৱা সাজ পোছাক পিন্ধি ৰাজ পথলৈ ওলাই আহিল ৰাইজ৷ বগা ধূতী-বগা কুৰ্ত্তা পৰিধান কৰি নগাও জিলাৰ ৰাইডঙীয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক আইন বাতিলৰ দাবীত মানৱ শৃংখল কাৰ্সূচী ৰূপায়ন কৰে৷
দেওবাৰে নগাঁও জিলাৰ ৰাইডঙীয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক আইন বাতিলৰ দাবীত ৰাজ পথলৈ উলাই আহিল কেইবা শতাধিক ৰাইজ। হাতে হাতে প্লে কাৰ্ড লৈ ৰাজ পথলৈ উলাই অহা লোকসকলৰ হুংকাৰ কোনো কাৰণতেই মানি লোৱা নহ’ব জাতি ধংসী বিধেয়ক।