নগাঁওঃ কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰিক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে তুলসীমুখ দেউৰীগাঁও। যোৱা নিশা ৯ বজাত উত্তেজিত ৰাইজে ঘেৰাও কৰে ৰাজেন গোঁহাইৰ বিৰুদ্ধে গোচৰ তৰা পৰিয়ালটোৰ বাসগৃহ। ব্লেকমেইলিং আৰু অসৎ কাৰ্যৰে গাঁৱৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ গাঁওবাসীৰ। মন্ত্ৰী ৰাজেন গোঁহাইকো তীব্ৰ ভৎসনা গাঁওবাসীৰ। এফালে অভিযোগকাৰীৰ ঘৰ ঘেৰাও আৰু আনফালে মন্ত্ৰীজনকো সমালোচনা কৰা কাৰ্যই প্ৰকৃততে গাঁওবাসীয়ে কি বিচাৰিছে সেয়া এতিয়া নিৰপেক্ষসকলৰ বাবে দুৰ্বোধ্য হৈ পৰিছে৷ তেওঁলোকে প্ৰকাশ কৰা মতে জনপ্ৰতিনিধিৰ লম্পট স্বভাৱক লৈ লজ্জিত গাঁওবাসী। একাংশ উত্তেজিত লোকে পৰিয়ালটোৰ বাসগৃহলৈ শিলগুটি নিক্ষেপ কৰে। ঘটনাস্থলীত আৰক্ষী আৰু চি আৰ পি এফ নিয়োগ কৰা হয়। অৱশ্যে ঘটনাৰ সময়ত অভিযোগকাৰী পৰিয়ালটোৰ সদস্যসকল বাসভবনত নাছিল বুলি জানিব পৰা গৈছে।
74
previous post