নগাঁওঃ নগাওঁ জিলাৰ পশ্চিমে তথা বটদ্ৰৱা থানৰপৰা প্ৰায় ৫ কিল’মিটাৰ নিলগত অৱস্থিত ঐতিহ্যমণ্ডিত ওপৰ ডুমডুমীয়া সত্ৰৰ শ্ৰীশ্ৰী বংশীবদন বংশীগোপাল মূৰ্ত্তি কীৰ্তন ঘৰ (বুঢ়া নামঘৰ)ৰ নৱনিৰ্মিত মণিকূটৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো যোৱা ৮ আৰু আজি ৯ মাৰ্চত দুদিনীয়া সত্ৰীয়া ৰীতি অনুসৰি বৰ্নাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।
তদুপলক্ষে ৮ মাৰ্চৰ দিনা পুৱা ৭ বজাত ধৰ্মধ্বজা উত্তোলন কৰে সত্ৰৰ চাৰিবুঢ়া নৰকান্ত নাথে আৰু বন্তি প্ৰজ্বলন কৰে সত্ৰৰ চাৰিবুঢ়া যদুৰাম নাথে। ইয়াৰ পাছতে উপৰ ডুমডুমীয়া সত্ৰৰ চাৰিবুঢ়া সকলৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। ৮ বজাত আইসকলৰ নামৰ অন্তত দুপৰীয়া কীৰ্ত্তন আৰু ১ বজাৰপৰা ভাগৱত পাঠ অনুষ্ঠিত হয়। আজি ৯ মাৰ্চৰ পুৱা খোল প্ৰসংগ, আইসকলৰদ্বাৰা পানী তোলা পৰ্ব, আইসকলৰ নামৰ পাছতে ধিং আঠগাঁৱৰ ৰাতুল বৰাই আগবঢ়োৱা এটি প্ৰভু ৰামচন্দ্ৰৰ মূৰ্ত্তি প্ৰতিষ্ঠা কৰা হয়।