নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী পহৰা চকীৰ এটি দলে বৃহস্পতিবাৰে নিশা ডিমৌ-বৰঘাট সংযোগী ফ’ৰলেন বাইপাছত কেইবা লক্ষাধিক টকাৰ চুৰি ৰ’ড জব্দ কৰাৰ লগতে এই চুৰিকাৰ্যৰ লগত জড়িত পাঁচজন লোকক আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, চুৰেন্দৰ সিং নামৰ ব্যৱসায়ীজনৰ বেবেজীয়াৰ সমীপত নিৰ্মীয়মান অৱস্থাত থকা ব্যবসায়ীক প্ৰতিস্থান এটাত ব্যবহাৰৰ বাবে মজুত কৰি ৰখা এই ৰ’ডখিনি প্ৰতিষ্ঠানটোত কাম কৰা মিস্ত্ৰী আব্দুল বাৰিক, ইছমাইল হুছেইন আৰু খাইৰুল ইছলামৰ সহযোগত এটা চোৰৰ দলে কৌশলেৰে চুৰি কৰি এ এছ-০২-বি চি ৯৪৩৯ নম্বৰৰ মেজিক ভানখনেৰে কঢ়িয়াই আনি থকা অৱস্থাত বেবেজীয়া আৰক্ষীয়ে জব্দ কৰে৷
