নগাঁওঃ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ দিন চমু চাপি অহাৰ লগে লগে ১০ নং নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। সমষ্টিটোৰ অগপ, বিজেপিৰ মিত্রজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাই সমষ্টিৰ বিভিন্ন স্থানত প্ৰচাৰ কাৰ্য অব্যাহত ৰখা পৰিলক্ষিত হৈছে। 

বৃহস্পতিবাৰে ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰণথলি পঞ্চায়তৰ কটহগুৰি নাট্যমন্দিৰ, দীঘলদৰি পঞ্চায়তৰ বৰনামঘৰ প্ৰাংগন, দক্ষিণ জাগিয়াল পঞ্চায়তৰ উত্তৰ পেটবঢ়া, শালমৰা পঞ্চায়তৰ শেতালী আৰু ফুলগুৰি পঞ্চয়তৰ বজাৰ গৃহকে ধৰি কেইবাটাও স্থানত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰাৰ্থী গৰাকীয়ে অংশগ্ৰহণ কৰে। 

নিৰ্বাচনী সভাত ভাষণ ৰাখি মিত্রজোঁটৰ প্ৰাৰ্থী শৰ্মাই শাসকীয় বিজেপি চৰকাৰ খনে বিগত দিনত গ্ৰহণ কৰা উন্নয়ন মূলক আঁচনিৰ ব্যাখ্যা দাঙি ধৰাৰ লগতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত বিভিন্ন আঁচনি ৰূপায়নৰ দুৰ্নীতিৰ বিষয়ে দাঙি ধৰে। শৰ্মাই ভাষণ প্ৰসংগত কয় যে কংগ্ৰেছক ভোট দিয়া মানে এ আই ইউ ডি এফক ভোট দিয়া। আৰু যদি সেয়াই হয় তেনেহ’লে ২০২১ চনত অসমত বদৰুদ্দিন আজমলক উপমুখ্য মন্ত্রী হ’বলৈ বাট মুকলি কৰা হ’ব। 

অসমৰ ৰাইজে এয়া কেতিয়াও হ’বলৈ নিদিয়ে। সেয়ে কংগ্ৰেছক উৎখাট কৰিবই লাগিব। কেইবাসহস্ৰাধিক ৰাইজ উপস্থিত থকা উক্ত নিৰ্বাচনী সভাত প্ৰাৰ্থী শৰ্মাক সংগদান কৰে ৰহা বিধানসভা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, অসম চলচিত্র নিগমৰ অধ্যক্ষ তথা বিশিষ্ট অভিনেতা যতিন বৰা, অসম ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্রী বিজুলি কলিতা মেধি আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যকৰ্তা ব্ৰজেন কাকতিয়ে।