নগাঁওঃ অসম চৰকাৰে ৰাজ্যৰ কৃষকসকলৰ ক্ষেত্রত যিসমূহ আঁচনি গ্ৰহন কৰিছে সেই বিষয়ে কৃষক ৰাইজক সবিশেষ পুংখানুপুংখভাৱে বুজাই দিয়াৰ উদ্দেশ্যে শুকুৰবাৰে এক সজাগতা অনুষ্ঠানৰ শুভাৰম্ভ কৰে ভাৰতীয় ষ্টেট বেংকৰ ৰহা শাখাৰ শাখা পৰিচালক বিনন্দ বিকাশ শইকীয়াই৷
পৰিচালক গৰাকীয়ে নিজে কৃষক ৰাইজৰ ওচৰলৈ গৈ চৰকাৰে কৃষক ৰাইজৰ বাবে গ্ৰহণ কৰা আঁচনি সমুহৰ বিষয়ে সবিশেষ অৱগত কৰে৷ সেই অনুসৰি চৰকাৰে গ্ৰহণ কৰা “অসমৰ কৃষক সকলৰ বাবে ঋন ৰাজ সাহাৰ্য আঁচনি”ৰ যোগেদি যি সকল কৃষকে ২০১৮ চনৰ পহিলা এপ্ৰিলৰ পিছত কৃষি ঋণ লৈছিল সেই সকল কৃষকে ২৫ শতাংশ ৰাজসাহায্য লাভ কৰাৰ বিপৰীতে “অসমৰ কৃষক সকলৰ বাবে উদগনি আঁচনি” ৰ যোগেদি যি সকল কৃষকে ২০১৮ চনৰ পহিলা এপ্ৰিলৰ আগত কৃষি ঋণ লৈছিল তেওঁলোকে যদি চলিত বৰ্ষৰ ৩১ মাৰ্চৰ আগত ঋণ পৰিশোধ কৰে তেন্তে তেওঁলোকে দহ হাজাৰকৈ টকা উদগনি হিচাপে চৰকাৰৰ পৰা লাভ কৰিব৷