জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বিৰুদ্ধে অসম ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ নিৰ্দেশনাক অৱমাননাৰ অভিযোগ উত্থাপন কৰিছে এন্টি কৰাপচন চিভিল ছ’চাইটী, অসমৰ সভাপতি ওৱাইজুল হক চৌধুৰীয়ে।
অভিযোগ অনুসৰি, বিগত বৰ্ষৰ ১ আগষ্টত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ওৱাইজুল হক চৌধুৰীয়ে কিছু তথ্য বিচাৰি জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত আবেদন কৰিছিল। কিন্তু মাহৰ পাছত মাহ অতিক্রম কৰাৰ পাছতো ৰহস্যজনকভাৱে শিক্ষা বিষয়াজনে আবেদনকাৰীক তথ্য যোগান ধৰাৰপৰা বিৰত থাকে।