71
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাটৰ ব্ৰাহ্মনগাঁৱত অৱস্থিত হাতীচোং শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী সমাৰোহৰ দ্বিতীয় দিনা এক শোভাযাত্রা উলিওৱা হয়|
প্ৰান্তীয় শিশু বাটিকা প্ৰমুখ ৰজনী শৰ্মাই পুৱা ১০ বজাত শুভাৰম্ভ কৰা শোভাযাত্রাটিত ভাৰত নাট্যম, শংকৰী নৃত্য, বিদ্যালয়ৰ প্ৰতীক চিহ্ন, কৃষ্ণ নৃত্য, বিহু নৃত্য, খোল বাদন, ভোৰতাল নৃত্য, আয়তীৰ ঢোল বাদনকে আদি সন্নিবিষ্ট কৰা হয়|