নগাঁওঃ নেৰানেপেৰা বৰষুণে নগাঁৱৰ গ্ৰামাঞ্চলত অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ দিনটোত ক্ষণিকৰ বাবেও সূৰ্যই ভূমুকি নামাৰি কেৱল দিনে-নিশাই বৰষুণ দি থকাৰ ফলত জিলাখনৰ গ্ৰামাঞ্চলৰ প্ৰায়বোৰ বাট-পথেত বোকা-পানীৰে ঘৃননীয় পৰিবেশৰ সৃষ্টি হৈছে৷
বহু ভিতৰুৱা জকাইচুকৰ বাট-পথ ইমানেই কদৰ্যময় হৈ পৰিছে যাৰ ফলত বিগত দিনকেইটাত একপ্ৰকাৰে যাতায়াত ব্যাহত হৈ পৰিছে৷ যোৱা বছৰ কেইটাত নগাঁৱৰ গ্ৰামাঞ্চলৰ প্ৰায় বাট-পথেই গ্ৰামোন্নয়ণ বিভাগৰ দ্বাৰা এমজি এনৰেগা আচঁনিৰ অধীনত লাখ লাখ টকা ব্যয় কৰি মেৰামতি কিম্বা নতুনকৈ নিৰ্মাণ কৰা হৈছিল ৷