Home ৰাজ্যনাট্যকৰ্মী জ্ঞানদা বৰা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত

নাট্যকৰ্মী জ্ঞানদা বৰা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত

by News Desk
58 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে প্ৰবীন নাট্যকৰ্মী তথা নটসূৰ্য বঁটা প্ৰাপ্ত, বিশিষ্ট অভিনেতা, নাট পৰিচালক জ্ঞানদা বৰাক৷ উপ-সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচিত হৈছে ক্ৰমে নিত্যানন্দ বৰা আৰু মৃণাল হাজৰিকা৷ বিগত জানুৱাৰী মাহৰ পৰা নগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত মুঠ ৭১টা শাখাৰ মাজত নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু যোৱা ২২ জানুৱাৰীত বেলট বাকচ বন্ধ কৰা হৈছিল৷

যোৱা দেওঁবাৰে নগাঁও চহৰৰ কমলা দেৱী টোদী স্মৃতি ভৱনত অনুষ্ঠিত হোৱা এখন সভাত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদকৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰা হয়৷ ৭১টা শাখাই অংশ লোৱা নিৰ্বাচনত ঘোষণা কৰা ফলাফল অনুযায়ী সভাপতি হিচাপে জ্ঞানদা বৰাই মুঠ ৬১ টা ভোট লাভ কৰাৰ লগতে উপ-সভাপতি হিচাপে নিত্যানন্দ বৰাই মুঠ ৩৫টা আৰু সম্পাদক হিচাপে মৃণাল হাজৰিকাই মুঠ ৬১টা ভোট লাভ কৰি নিৰ্বাচিত হয়৷ নিৰ্বাচনী বিষয়া হিচাপে আছিল ঘনকান্ত বৰা, বিভা ফুকন আৰু নবীন বৰঠাকুৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0