Home ৰাজ্যনগাঁৱৰ খালৈগাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী জগতগুৰু পুথিভঁড়ালৰ সোণালী জয়ন্তী

নগাঁৱৰ খালৈগাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী জগতগুৰু পুথিভঁড়ালৰ সোণালী জয়ন্তী

by News Desk
A+A-
Reset
jayanta

নগাঁওঃ হৰিনামৰ অমিয়া ধ্বনি, খোল-তাল, আইনাম, জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি, সত্ৰীয়া সংস্কৃতি,জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনৰে শুক্ৰবাৰে পুৱা প্ৰাণৱন্ত হৈ পৰিল নগাঁৱৰ খালৈগাঁও অঞ্চল। নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং অঞ্চলৰ অন্তৰ্গত খালৈগাঁৱৰ শৈক্ষিক,বৌদ্ধিক উত্তৰণৰ বিগত পাঁচটা দশকে প্ৰভুত অৰিহণা আগবঢ়াই অহা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জগতগুৰু পুথিভঁড়ালৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচী শুক্ৰবাৰৰ পৰা তিনিদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় খেলপথাৰত আৰম্ভ হৈছে।

এই উপলক্ষে পুৱা উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। খালৈগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰাটিত বৃহত্তৰ অঞ্চলৰ শিশুৰ পৰা আবাল বৃদ্ধ বণিতালৈকে প্ৰায় পাঁচ শতাধিক লোকে অংশ লয়। প্ৰায় দুই কিলোমিটাৰ দূৰত্ব পৰিভ্ৰমণ কৰা সাংস্কৃতিক শোভাযাত্ৰাটোত শিশুৰ পৰা ডেকা-গাভৰু, বৃদ্ধ-বণিতাই গুৰুজনাৰ সৃষ্টিৰাজি, অসমীয়া সংস্কৃতি আৰু জাতি-জনগোষ্ঠীৰ নৃত্য গীত-মাত প্ৰদৰ্শন কৰি মুগ্ধ কৰে খালৈগাঁওবাসীক। ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা সোণালী জয়ন্তী কাৰ্যসূচীৰ বিয়লিলৈ এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। সন্ধ্যা বন্তি প্ৰজ্বলন কাৰ্যসূচী পাছত স্থানীয় মহিলাসকলৰ দ্বাৰা ‘হৰিচন্দ্ৰ পালা’ মঞ্চস্থ কৰা হব। ২৭ অক্টোবৰৰ পুৱা বৃক্ষৰোপণ কাৰ্যসূচী আৰু দিনৰ ভাগত কবিতা আবৃত্তি, আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধ্যালৈ আমন্ত্ৰিত কেইবাজনো জনপ্ৰিয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হ’ব ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0