চামগুৰিঃ চামগুৰিৰ আমনিত বৃহস্পতিবাৰে পুৱাতে সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। আমনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা পকী দলঙৰ ৰেলিঙ ভাঙি দ্বিজু নদীৰ পানীত পৰিল দ্ৰুতবেগী গেছ ভৰ্তি টেংকাৰখন। বঙাইগাঁৱৰপৰা তিনিচুকীয়াৰ অভিমুখে গৈ থকাৰ অৱস্থাতে পুৱতিনিশা ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় টেঙ্কাৰখন।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত বহু সময় ধৰি পানীৰ মাজত টেংকাৰখনতে আৱদ্ধ হৈ থাকে চালকজন। ইফালে, দুৰ্গটনাগ্ৰস্ত টেংকাৰ খনৰপৰা বিপদজনকভাৱে গেছ নিৰ্গত হৈ থকাক কেন্দ্ৰ কৰি অনাকাংক্ষিত পৰিস্থিতিৰ শংকাত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোতে।