♦ অসংবিধানিক কাৰ্যকলাপক লৈ ক্ষুভিত ভকত-বৈষ্ণৱৰ কেন্দ্ৰীয় সমিতিলৈ পত্ৰ প্ৰেৰণ

নগাঁওঃ অসমৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাত সংঘটিত হোৱা কেতবোৰ অসংবিধানিক কাৰ্যকলাপৰ লগতে জিলা শাখাৰ সভাপতিৰ মইমতালিয়ে শেহতীয়াভাবে ভকত-বৈষ্ণৱসকলক ক্ষুন্ন কৰি তুলিছে৷

আনকি এই সন্দৰ্ভত কেইবাখনো প্ৰাথমিক শাখাই বহুবাৰ লিখিত অভিযোগ দিয়াৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত ইয়াৰ সুবিচাৰৰ বাবে সংঘৰ পদাধিকাৰ আৰু মূল সমিতিৰ প্ৰধান সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰিবলগীয়া হোৱা ঘটনাই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

প্ৰাপ্ত অভিযোগ মতে, নগাঁও জিলা শাখাৰ সভাপতি নলিনী বৰাকে প্ৰমুখ্য কৰি কেইবাজনো বিষয়-ববীয়াই দীৰ্ঘদিনৰেপৰা অসংবিধানিক কাৰ্যকলাপত লিপ্ত হৈ আহিছে৷ আনকি এইকেইজন দায়িত্বশীল ব্যক্তিয়ে সংঘৰ সংবিধানৰ দফা-উপদফা বিশেষকৈ ২৮ অনুশাসন উলংঘা কৰাৰ লগতে চাৰিহাত পুথিক অপমান কৰা বুলি স্বয়ং জিলা শাখাৰ কেইবাখনো প্ৰাথমিকে মুকলিকৈ অভিযোগ তুলিছে৷ 

জানিব পৰা মতে, সংঘৰ সংবিধানৰ নিয়মানুসৰি তেওঁলোকৰ বিষয়-ববীয়া বা সদস্যৰ কাৰোয়েই ঘৰত অনুষ্ঠিত হোৱা কোনো উৎসৱ-পাৰ্বন আদিত আমিষ ভোজনৰ ব্যৱস্থা কৰাটো অপৰাধ৷ কিন্তু বিগত বৰ্ষৰ ২ মে’ত শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক শাখাৰ সম্পাদক মহেন্দ্ৰ বৰাৰ কন্যাৰ বিবাহত আমিষ ভোজনৰ ব্যৱস্থা কৰি সংবিধানৰ ২৮ অনুশাসন ভংগ কৰা হয়৷ এই অসংবিধানিক কাৰ্যৰ বাবে পাছত সংঘৰ তৰফৰ পৰা মহেন্দ্ৰ বৰাৰ ওপৰত সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰা হয় যদিও সেই বিবাহত উপস্থিত থাকি মাংগলিক কাৰ্যত ওতপোতভাৱে জড়িত থকা জিলা শাখাৰ কেইবাজনো বিষয়-ববীয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা আজিকোপতি গ্ৰহণ নকৰাত এতিয়া একাংশ ভকত-বৈষ্ণৱ ক্ষুভিত হৈ পৰিছে৷

কিয়নো সেইদিনা সেই বিবাহত নাম-প্ৰসংগ পৰ্বত নামাচাৰ্য নলিনী বৰাৰ উপৰি নিশা বিবাহ পৰিচালনাৰ ক্ষেত্ৰত মূল সংঘৰ প্ৰচাৰ সমিতিৰ সভাপতি জগত বনিয়াৰ লগতে সহযোগী জিলা সদস্য সূৰ্য শইকীয়া, আঞ্চলিক সদস্য হিৰেন্দ্ৰ বৰুৱা আৰু চেনীৰাম ভূঞাও উপস্থিত আছিল যদিও তেওঁৰ বিৰুদ্ধে সংঘই কোনো ব্যৱস্থা নোলোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সংবিধান উলংঘাৰে অনুষ্ঠিত হোৱা সেই বিবাহত দিনত নাম লগোৱা আৰু নিশা বিবাহ পৰিচালনা কৰা সকল সংঘৰ উচ্চ পদবীধাৰী হোৱাৰ বাবেই কোনো ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ নকৰাৰ অভিযোগ তুলি সৰব হৈ পৰিছে কেইবাখনো প্ৰাথমিক ভকত-বৈষ্ণৱসকল৷

আনকি এই সন্দৰ্ভত শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক শাখাৰ অন্তৰ্গত খালৈগাঁও মেধীচুক প্ৰাথমিক শাখাই বিগত বৰ্ষৰ ২ আগষ্টত বিস্তৃতভাবে আলোচনা কৰি উক্ত বিবাহ পৰ্বত উপস্থিত থকা সকলোকেইজন ব্যক্তিকে সংঘৰ নিয়মানুসৰি সাংবিধানিক ব্যৱস্থা ল’বলৈ ইতিমধ্যে কেইবাখনো পত্ৰ আঞ্চলিক শাখা আৰু জিলা শাখাৰ জৰিয়তে মূল সংঘৰ বিষয়-ববীয়ালৈ প্ৰেৰণ কৰে ৷ কিন্তু এনেদৰে বহুবাৰ পত্ৰ প্ৰেৰণ কৰাৰ পিছতো বিষয়টোৰ সন্দৰ্ভত কোনো ব্যৱস্থা সংঘই গ্ৰহণ নকৰাত যোৱা ৮ ডিচেম্বৰত খালৈগাঁও মেধীচুক প্ৰাথমিক শাখাই সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদকৈ অভিযোগ সম্বলিত সকলো বিৱৰি আন এক পত্ৰ প্ৰেৰণ কৰে৷

তথাপিও বৰ্তমানলৈকে সংঘৰ সংবিধান উলংঘা কৰা বিষয়া-ববীয়া কেইজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা হাতত নোলোৱাত এতিয়া ক্ষুভিত হৈ পৰিছে সংঘৰ নিষ্ঠাৱান ভকত-বৈষ্ণৱসকল ৷ সেয়েহে অসাংবিধানিক কাৰ্যকলাপত জড়িত থকা লোককেইজনৰ বিৰুদ্ধে যদিহে অনতিপলমে কাৰ্যব্যৱস্থা গ্ৰহন নকৰে তেন্তে আগন্তুক নগাঁও জিলা শাখাৰ বাৰ্ষিক অধিৱেশনত ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাব বুলি এইসকল ক্ষুভিত ভকত-বৈষ্ণৱে জানিবলৈ দিছে৷