164
নগাঁওঃ অসমৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাত সংঘটিত হোৱা কেতবোৰ অসংবিধানিক কাৰ্যকলাপৰ লগতে জিলা শাখাৰ সভাপতিৰ মইমতালিয়ে শেহতীয়াভাবে ভকত-বৈষ্ণৱসকলক ক্ষুন্ন কৰি তুলিছে৷
আনকি এই সন্দৰ্ভত কেইবাখনো প্ৰাথমিক শাখাই বহুবাৰ লিখিত অভিযোগ দিয়াৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত ইয়াৰ সুবিচাৰৰ বাবে সংঘৰ পদাধিকাৰ আৰু মূল সমিতিৰ প্ৰধান সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰিবলগীয়া হোৱা ঘটনাই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷