61
নগাঁওঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী বটদ্ৰৱা সমষ্টিৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান হালধিআটি প্ৰাথমিক বিদ্যালয়ে ইতিমধ্যে সগৌৰৱেৰে এশটি বছৰ অতিক্রিম কৰিছে।
সেই উপলক্ষে বিদ্যালয়খনৰ শতবৰ্ষ উৎসৱটি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। দেওবাৰে অন্তিম দিনা পুৱা ৭ বজাত চাফাই অভিযান আৰু বন্তি প্ৰজ্বলনৰ পাছতে ৮ বজাত বৰচিলা গাঁও পঞ্চায়তৰ সভানেত্ৰী পপী বৰদলৈয়ে শুভাৰম্ভ কৰা এটি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ অঞ্চল উজ্বলাই তোলে।