নগাঁওঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত নিশাৰ ভিতৰতে কাঠফুলাৰ দৰে গঢ়ি উঠিছে ইখনৰ পাছত সিখন ব্যক্তিগত বিদ্যালয়। বিভাগীয় নীতি-নিৰ্দেশনা তথা চৰকাৰৰ কঠোৰ নিৰ্দেশনাক অগুষ্ঠ প্ৰদৰ্শন কৰি গঢ়ি উঠা এনে বিদ্যালয়ে কাল অমানিশা নমাই অানিছে কণ কণছাত্ৰ ছাত্ৰীৰ জীৱনলৈ।
ইয়াৰ অন্যতম উদাহৰণ হিচাপে জিলাখনৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ধূপগুৰিত স্থাপিত নবোদয় জাতীয় বিদ্যালয়ৰ কথাকে ক’ব পাৰি৷ জানিব পৰা মতে, বহু বছৰৰ আগতে ধূপগুৰিত স্থাপন কৰা হৈছিল জে অাহমেদ জাতীয় বিদ্যালয় নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়৷ স্থাপিত কালৰেপৰা এই বিদ্যালয়খনে সুচাৰুৰূপে পৰিচালিত হোৱাৰ লগতে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰতৰ উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিবলৈ সম্ভৱ হৈছিল।