56
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।
বিদ্যালয়খনৰ অধ্যক্ষ গকুল দাসে পতাকা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ উপাধ্যক্ষ পদুম শৰ্মাই আৰু স্মৃতি তৰ্পণ কৰে জ্যেষ্ঠ শিক্ষক গজেন দাসে। বিয়লি অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে অধ্যক্ষ গকুল দাসে।