নগাঁওঃ মানুহৰ জীৱন আৰু সম্পত্তিক লৈ সময়ে সময়ে নিৰাপত্তাৰ দোহাই দি মানুহে নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ দাবী উত্থাপন হৈ আহিছে যদিও এইবাৰ গৰুৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে নগাঁওবাসী৷ গৰুক নিৰপত্তা দিয়াৰ দাবী জনাবলৈ বাধ্য হৈছে নগাঁওবাসীয়ে৷ গৰুৰ সুৰক্ষাৰ দাবীত মুখ্যমন্ত্ৰীক আৰক্ষীৰ দল নিয়োগ কৰাৰ দাবী জনাইছে ৰাইজে৷
নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে জাজৰি আৰক্ষী থানা এলেকাত আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ সুযোগ লৈ নিতৌ গৰু চুৰি কৰি নিয়ে চোৰৰ দলে৷ ক্ৰমাৎ চোৰৰ সন্ত্ৰাস বৃদ্ধি পাই অহাত গঞাৰাইজে উজাগৰি নিশা কটাবলৈ বাধ্য হৈছে৷ তৎস্বতেও জাজৰি আৰক্ষী কিম্বা গাঁওৰক্ষী বাহিনীয়ে এনে ক্ৰমবৰ্দ্ধমান গৰু চুৰিৰ ঘটনা ৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাৰ বিপৰীতে একপ্ৰকাৰে শংকাৰ মাজেৰে সময় পাৰ কৰিবলগীয়াত হৈছে৷ যাৰ ফলত ৰাইজে উপায়বিহীন হৈ চোৰৰ পৰা গৰু ৰক্ষা কৰিবৰ বাবে আৰক্ষীৰ দল নিয়োগ কৰাৰ দাবী জনাইছে৷