চামগুৰিঃ নগাঁও জিলাৰ জুৰীয়াৰ বিশিষ্ট সমাজকৰ্মী, এজন সুদক্ষ ফুটবল খেলুৱৈ তথা বন বিভাগৰ কৰ্মচাৰী আবু নছৰ ৱাহিদৰ মৃত্যু৷ বিগত কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা ৱাহিদে বৃহস্পতিবাৰে গুৱাহাটীৰ এখন চিকিৎসালয়ত নিশা শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৭ বছৰ৷ উল্লেখ্য যে, চাকৰিৰপৰা অৱসৰ ল’বলৈ আৰু প্ৰায় তিনি বছৰ বাকী থকাৰ অৱস্থাত ৱাহিদে মৃত্যুক সাবতিবলগীয়া হোৱাৰ ঘটনাত সম্প্ৰতি শোকস্তব্ধ সহকৰ্মীৰ লগতে বিভাগীয় কৰ্তৃপক্ষ৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ জুৰীয়া অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰে।