Home ৰাজ্যনগাঁৱৰ পূৱ খাটোৱালত ভয়ংকৰ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ ৬ জনৰ মৃত্যু

নগাঁৱৰ পূৱ খাটোৱালত ভয়ংকৰ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ ৬ জনৰ মৃত্যু

by News Desk
59 views
A+A-
Reset

newsnextone.com| নগাঁওঃ নগাঁও জিলাৰ ৰূপহীহাটৰ পূৱ খাটোৱালত শোকাৱহ ঘটনা৷ বিদ্যুত্‍স্পৃষ্ট হৈ একেটা পৰিয়ালৰ শিশুসহ ৬ জনৰ মৃত্যু৷ দুজনৰ অৱস্থা সংকটজনক৷ ১১ হাজাৰ ভ’ল্টৰ বিদ্যুত্‍ পৰিবাহী তাঁৰ ছিঙি মৃত্যু হয় লোককেইজনৰ৷ মৃত ব্যক্তি কেইগৰাকী ক্ৰমে ৰফিকুল ইছলাম, জবৰ আলি, মইনুল ইছলাম, হবিবোৰ ৰহমান, ইনামূল ইছলাম আৰু আশীকুল ইছলাম৷ পুখুৰীত মাছ মাৰি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা৷ স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহকেইটা৷ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ অভিযোগ ৰাইজৰ৷ বহু পুৰণি বিদ্যুৎ পৰিবাহী তাঁৰ সলনি নকৰাৰ বাবেই ঘটিল এই ভয়ংকৰ ঘটনা৷ এ পি ডি চি এল ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ৷ পথ অৱৰোধ কৰি বিদ্যুৎ মন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ৷ একাংশ ক্ষোভিত ৰাইজে বিদ্যুৎকৰ্মীৰ বাসগৃহ আৰু বাহনতো আক্ৰমণ কৰে৷ ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েনৰে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা জিলা প্ৰশাসনৰ৷ 

ইফালে, বিদ্যুৎ বিভাগৰ অকমণ্যতাৰ বাবেই এনেদৰে নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ পাছত পৰিস্থিতি উত্তেজনাময় হৈ পৰিছে। পুখুৰীত মাছ ধৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হোৱা ঘটনাৰ মূল অভিযুক্তৰূপে ৰাইজে চিহ্নিত কৰিছে এ এছ ই বি লাইনমেন ফকৰুল ইছলামক। পুৱতি নিশা নামাজৰ সময়ত ৪ টা বিস্ফোৰণৰ শব্দ ৰাইজে শুনিবলৈ পাইছিল৷ তাৰ পিছতেই ছিগি পৰিছিল পুখুৰীটোত ১১ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰডাল। এই কথা অৱগত কৰিছিলগৈ লাইনমেনজনক আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ অনুৰোধ জনাইছিল ৰাইজে। কিন্তু গুৰুত্ব দিয়া নাছিল এই লাইনমেনজনে। তাৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তুলি স্থানীয় ৰাইজে ঘটনাৰ পাছতেই লাইনমেনজনৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0