জয়ন্ত মুদৈ,নগাঁওঃ মানৱ সমাজত লজ্জানত কৰা আন এক ঘটনাই জোকাৰি গ’ল নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ধনীয়াভেটি। শুকুৰবাৰে নিশা মাহী মাকে দাৰে ঘপিয়ালে ১০ বছৰীয়া পুত্ৰ সন্তানক। 

মাজ নিশা ধনীয়াভেটিৰ ফাইজ উদ্দিনৰ পুত্ৰ মাহী মাকৰ লগতে একেটা কোঠাতে শুই আছিল। টোপনিত লালকাল দি থকা অৱস্থাত নৰ পিশাচৰূপী মাহীমাকে ৰাতি পুত্ৰ সন্তানক প্ৰথমে মুখত কাপোৰে বান্ধি উপৰ্যুপৰি দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায়৷ প্ৰাণৰ মমতাত তেজেৰে তুমুৰলি হৈ শিশুটি দৌৰি ওচৰতে থকা ককাকৰ ঘৰলৈ যায়। 

ককাকৰ ঘৰৰ দৰ্জা ঢকিয়াই ঢকিয়াই চিঞৰাত ককাকৰ পৰিয়ালৰ লোকে শুৱাৰপৰা উঠি মুমুৰ্ষ অৱস্থাত শিশুটিক উদ্ধাৰ কৰি লগে লগে চিকিৎসাৰ বাবে নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰায়৷ কিন্তু কনমানী শিশুটিৰ আঘাত অতিকে গুৰুত্বৰ হোৱাৰ বাবে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

 ইফালে, স্থানীয় ৰাইজে মাহীমাক ফৰজিনা খাতুন আটক কৰি গৰু পঘাৰে গছত বান্ধি থয়৷ পিছে ফাৰজিনাক উদ্ধাৰ কৰিবলৈ আহি ভায়েক বাবুল ইছলামো পৰে ৰাইজৰ ৰোষত আৰু ভায়েককো ৰাইজে ধৰি বান্ধি থয় গছত। পিছত ঘটনা সন্দৰ্ভত পুৱা ঘটনাস্থলীত উপস্থিত হোৱা বটদ্ৰৱা আৰক্ষীক ৰাইজে দুয়োকে গতাই দিয়ে। 

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি মাহী মাক ফৰজিনা খাতুনকে শিশুটিক ধাৰাবাহিকভাৱে চলাই আহিছিল শাৰীৰিক আৰু মানসিক নির্যাতন৷ পিতৃ ফাইজ উদ্দিন ঘৰত নথকাৰ সুযোগত নিৰ্যাতন চলাই অহা মাহী মাকে দয়া-মমতা সকলো পাহৰি কালি সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা৷