জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ টুকটুকীত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিনাই এজন ছাত্ৰক দুৰ্বৃত্তই মাৰপিট কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিবৰণী মতে, জাজৰিৰ সমীপৰ বৰচিলাস্থিত কনপাই বৰদলৈ কলেজৰপৰা এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা টুকটুকীৰ নুৰ উদ্দিনৰ পুত্ৰ আশ্বিকুল আলম কালি পৰীক্ষাৰ ফলাফল লৈ দিনৰ প্ৰায় ১২ বজাত জাজৰি-ধিং সংযোগী গড়কাপ্তানী পথৰে ঘৰলৈ আহি থাকোতে টুকটুকীত খাপ পিতি থকা চাৰিজন দুৰ্বৃত্তই বাট আগচি ধৰি মাৰপিট কৰে।