নগাঁওঃ ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় একত্ৰিকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড অধিক পৰিমাণে গতিশীল আৰু তৰান্বিত কৰি তোলাৰ অৰ্থে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেই প্ৰক্ৰিয়াক বহু সময়ত স্বয়ং একাংশ শিক্ষকেই প্ৰহসনত পৰিণত কৰি তোলা পৰিলক্ষিত হৈছে। ইয়াৰ অন্যতম উদাহৰণ হিচাপে নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এখন একত্ৰিকৰণ হোৱা বিদ্যালয়ৰ কথাকো ক’ব পাৰি।
জানিব পৰা মতে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত এক নিৰ্দেশনাৰ জৰিয়তে বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ হাইডুবী ৰামপুৰ সত্ৰ বালক এম, ই, মাদ্ৰাছা আৰু ৭৩০ নং হাইডুবী মোক্তাৱ নামৰ বিদ্যালয় দুখন একত্ৰিকৰণৰ আওতালৈ আনে আৰু নতুনকৈ নামাকৰণ কৰে হাইডুবী ৰামপুৰ সত্ৰ বালক এম,ই, মাদ্ৰাছাৰ নামেৰে। সেই অনুসৰি একত্ৰিকৰণ হোৱা বিদ্যালয় খনৰ প্ৰধান শিক্ষকৰ দায়িত্বত পূৰ্বৰ এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক ইউছুফ হাজৰিকাকে নিয়ম অনুসৰি সংশ্লিষ্ট বিভাগে অৰ্পণ কৰে।