♦ কোলাত কেঁচুৱা লৈ আৰক্ষীৰ দুৱাৰে দুৱাৰে ভুক্তভোগী মহিলা

জয়ন্ত মুদৈ, নগাঁওঃ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক অৱমাননা কৰি নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰীত স্বামীয়ে পত্নীক তিনি তালাক দিয়া এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে৷ 

জানিব পৰা মতে, বাটমাৰীৰ ইক্ৰামুল হুছেইন নামৰ এজন লোকে একে গাঁৱৰে ৰহিমা খাতুনৰ লগত চাৰি বছৰ পূর্বে বিবাহ পাশত আবদ্ধ হৈ সংসাৰ কৰিছিল। পাছত দুয়োৰে মাজলৈ এটি কন্যা সন্তান আহিছিল। পৰৱৰ্তী সময়ত স্বামী ইক্ৰামুল হুছেইনে লাহে লাহে পত্নী ৰহিমা খাতুনক শাৰীৰিক আৰু মানসিকভাৱে অপদস্থ কৰিবলৈ আৰম্ভ কৰে।

শেষত যোৱা ১ এপ্ৰিলত মাৰ-ধৰ কৰি ৰহিমা খাতুন তিনি তালাক দিয়ে। ইতিমধ্যে এই সংক্রান্তত ভুক্তভোগী মহিলা গৰাকীয়ে বটদ্ৰৱা থানত স্বামী ইক্ৰামুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বৰ্তমান কোলাত কেঁচুৱা লৈ আৰক্ষীৰ দুৱাৰে দুৱাৰে ন্যায় বিচাৰি ঘূৰি ফুৰিছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে। ইফালে, স্বামী ইক্ৰামুলৰ বিৰুদ্ধে পত্নীয়ে দাখিল কৰা এজাহাৰ ভিত্তিত আৰক্ষীয়ে ৯০/২০১৯ ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ (এ) নং ধাৰাত ৯০/৯ নম্বৰত এটি গোচৰ ৰুজু কৰিছে যদিও ইক্ৰামুলে পুনৰ বিবাহ কৰাৰ আন এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। 

এতিয়া প্ৰশ্ন হয় উচ্চতম ন্যায়ালয়ৰ তৎকালিন তিনি তালাক নিষেধাজ্ঞাৰ পাছতো কি ভিত্তিত ইক্ৰামুলে নিজ পত্নীক দিলে তিনি তালাক? পত্নীক প্ৰতাৰণা কৰা ইক্ৰামুলক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী জনাইছে বটদ্ৰৱা আঞ্চলিক মুছলিম ছাত্ৰ সন্থা, ইউডিএছএফ, বটদ্ৰৱা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি, নগাঁও জিলা এপিচিআৰকে প্ৰমুখ্য কৰি বিভিন্ন দল সংগঠনে।