জয়ন্ত মুদৈ, নগাঁওঃ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক অৱমাননা কৰি নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰীত স্বামীয়ে পত্নীক তিনি তালাক দিয়া এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে৷
জানিব পৰা মতে, বাটমাৰীৰ ইক্ৰামুল হুছেইন নামৰ এজন লোকে একে গাঁৱৰে ৰহিমা খাতুনৰ লগত চাৰি বছৰ পূর্বে বিবাহ পাশত আবদ্ধ হৈ সংসাৰ কৰিছিল। পাছত দুয়োৰে মাজলৈ এটি কন্যা সন্তান আহিছিল। পৰৱৰ্তী সময়ত স্বামী ইক্ৰামুল হুছেইনে লাহে লাহে পত্নী ৰহিমা খাতুনক শাৰীৰিক আৰু মানসিকভাৱে অপদস্থ কৰিবলৈ আৰম্ভ কৰে।