জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত বটদ্রৱাৰ বৰহিছা নিবাসী বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক, অৱসৰপ্রাপ্ত কৃতী শিক্ষক যোগেন্দ্ৰ নাথ কলিতাৰ সোমবাৰে নিশা নিজ বাসগৃহত পৰলোকপ্রাপ্তি হয়।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ৷ কলিতা দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল। জিলাখনৰ ৰাইদঙীয়াত জন্মগ্রহণ কৰি ঐকান্তিক আৰু আশাশুধীয়া প্রচেষ্টাৰে সমগ্র অঞ্চলজুৰি এক সুষ্ঠ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ লগতে সুস্থ সমাজ গঠনত অগ্রণী ভূমিকা লৈছিল কলিতাই।