নগাঁওঃ নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইদঙীয়াৰ আইভেটিৰ এজন শিক্ষক যোৱা দুদিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

প্ৰাপ্ত তথ্য মতে, ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অৰুণ বৰাই নিজৰ এএছ-০২-এন ৮৩৯৩ নম্বৰৰ মটৰ চাইকেলখনেৰে বৃহস্পতিবাৰে পুৱাৰ ভাগত ঘৰৰপৰা ওলাই গৈছিল। কিন্তু এনেদৰে ঘৰৰপৰা ওলাই যোৱাৰ পাছৰেপৰা ৰহস্যজনকভাৱে নিখুঁজ হৈ পৰে শিক্ষকজন৷ 

হঠাতে শিক্ষক অৰুণ বৰা নিৰুদ্দিষ্ট হৈ পৰাত উদ্বিগ্ন হৈ পৰা পৰিয়ালৰ লোকে শিক্ষকজনক আত্মীয়-স্বজন তথা সম্ভাব্য সকলো ঠাইতে বিচাৰ-খুচাৰ কৰিছে যদিও কোনো সম্ভেদ বাহিৰ নোলোৱাত পৰিয়ালবৰ্গ গভীৰ চিন্তাগ্ৰস্ত হৈ পৰে। 

স্থানীয় জাজৰি থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে৷ কিন্তু ঘৰৰপৰা কিছু নিলগৰ নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ নডুবি নামৰ বিলৰ পাৰত শিক্ষকজনৰ চেণ্ডল আৰু বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আজি পুৱাৰ ভাগত।

ইফালে, দুটি সন্তানৰ পিতৃ অৰুণ বৰা নিৰুদ্দেশ হৈ পৰা ঘটনাটো গুৰুত্বসহকাৰে লৈ জাজৰি আৰক্ষীয়ে শিক্ষকজনৰ সন্ধানত অভিযানত নামি পৰে৷ ইয়াৰ অংশ হিচাপে আজি বিয়লি জাজৰি আৰক্ষীয়ে নগাঁও এছডিআৰএফৰ এটা দলৰ সহযোগত নডুবি বিলত অভিযান চলাইছে যদিও বাতৰি লিখা পৰলৈকে শিক্ষকজনৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।