72
নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ জুৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত গৰৈমাৰী পাম মোক্তাৱ বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰত এগৰাকী কণমাণি ছাত্ৰী আহত হোৱাৰ ঘটনা সংঘটিত হৈছে।
প্ৰাপ্ত তথ্য মতে, বিদ্যালয়খনৰ সহকাৰী শিক্ষক বসন্ত কুমাৰ শইকীয়াই বিদ্যালয়ৰে তৃতীয় শ্ৰেণীৰ ছাত্ৰী ফুৰহিনা খাতুনৰ লগতে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ ভিতৰতে হুলস্থূল কৰাৰ বাবে খঙত অগ্নিশৰ্মা হৈ বেতেৰে কোবাই শাস্তি প্ৰদান কৰে৷