56
নগাঁওঃ নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া আৰু দাঁতি কাষৰীয়া অঞ্চলত বিগত কেইমাহমানৰ পৰা বৃদ্ধি পাইছে চুৰি-ডকাইতি কাণ্ড৷
আৰক্ষীৰ ব্যৰ্থতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই যোৱা দুটা নিশাত কেইবাটাও লুটি নিয়াৰ দৰে ঘটনা সংঘটিত কৰে৷ নিশা খাটগুৰি গাঁৱত গোহালীৰ পৰা গৰু চুৰি কৰি নিয়াৰ পিছতেই বেবেজীয়া জুৰীয়া নামঘৰকে ধৰি কেইবাটাও ধৰ্মীয় অনুষ্ঠান লুটি নিয়ে দুৰ্বৃত্তই৷