নগাঁওঃ নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া আৰু দাঁতি কাষৰীয়া অঞ্চলত বিগত কেইমাহমানৰ পৰা বৃদ্ধি পাইছে চুৰি-ডকাইতি কাণ্ড৷

আৰক্ষীৰ ব্যৰ্থতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই যোৱা দুটা নিশাত কেইবাটাও লুটি নিয়াৰ দৰে ঘটনা সংঘটিত কৰে৷ নিশা খাটগুৰি গাঁৱত গোহালীৰ পৰা গৰু চুৰি কৰি নিয়াৰ পিছতেই বেবেজীয়া জুৰীয়া নামঘৰকে ধৰি কেইবাটাও ধৰ্মীয় অনুষ্ঠান লুটি নিয়ে দুৰ্বৃত্তই৷

এই ঘটনা বেবেজীয়া আৰক্ষী চকীৰ পৰা কিছু নিলগত সংঘটিত হয়৷ দুৰ্বৃত্তৰ টিঘিলঘিলনি ৰোধ কৰাত বেবেজীয়া আৰক্ষী বিফল হোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷ আনকি কেইদিনমান পূৰ্বে বেবেজীয়া আৰক্ষী চকীৰ সন্মুখৰ এখন ব্যৱসায় প্ৰতিষ্ঠানত চোৰে চাফাই অভিযান চলাইছিল৷ ইমানৰ পিছতো আৰক্ষীয়ে আজিকোপতি এনে ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল৷