নগাঁওঃ তিৱা জনগোষ্ঠীৰ ভাষা-সাহিত্য,কলা-সংস্কৃতিৰ ক্ষেত্ৰখনি অধিক তৰান্বিত কৰাৰ অন্যতম অনুষ্ঠান তিৱা মাথনলাই তখ্ৰা (তিৱা সাহিত্য সভা)ৰ নগাঁও জিলা সমিতিৰ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনখনি ৬ জানুৱাৰীত দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে জিলাখনৰ বেবেজীয়াস্থিত ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় প্ৰাংগণত উদযাপনৰ দিহা কৰা হৈছে৷
সেই উপলক্ষে লক্ষীন্দ্ৰ হোকাইক সভাপতি আৰু দিগন্ত বৰদলৈক সম্পাদক হিচাপে লৈ এখনি অভ্যৰ্থনা সমিতি গঠনেৰে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে৷