চৰকাৰ সলনি হ’ল, অভ্যাস সলনি নহ’ল নগাঁও পৰিবহন কাৰ্যালয়ৰ কৰ্মচাৰীৰ

Home ৰাজ্যচৰকাৰ সলনি হ’ল, অভ্যাস সলনি নহ’ল নগাঁও পৰিবহন কাৰ্যালয়ৰ কৰ্মচাৰীৰ

চৰকাৰ সলনি হ’ল, অভ্যাস সলনি নহ’ল নগাঁও পৰিবহন কাৰ্যালয়ৰ কৰ্মচাৰীৰ

by News Desk
67 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত দুই কৰ্মচাৰীৰ চূড়ান্ত মইমতালিয়ে সৰ্বসাধাৰণ ৰাইজক চৰম হাৰাশাস্তিৰ সন্মুখিন হৈ আহিছে৷ অভিযোগ মতে,’বৰা’ উপাধিৰ উচ্চ বৰ্গৰ সহায়ক আৰু ‘সৰকাৰ’ উপাধিৰ নিম্ন বৰ্গৰ সহায়ক হিচাপে কৰ্মৰত এই মতগৰ্বী কৰ্মচাৰী দুজনে প্ৰতিদিনে পুৱা ১১ বজাৰ পিছতহে কাৰ্যালয়ত উপস্থিত হোৱাৰ হেতু কাৰ্যালয়ৰ কাম-কাজ সম্পাদনত বেমেজালিৰ সৃষ্টি হৈ আহিছে৷ প্ৰতিদিনে পলমকৈ আহি দুই-তিনি ঘন্টা সময় থাকিয়েই কাৰ্যালয় এৰাৰ ফলত কাৰ্যালয়ৰ কাম-কাজত একপ্ৰকাৰে স্থবিৰতা আহি পৰিছে৷

ইয়াৰে উচ্চ বৰ্গৰ সহায়কজনে ব্যৱসায়িক যান-বাহনৰ পাৰ্মিটৰ কামৰ দায়িত্বত থকাৰ বিপৰীতে নিম্ন বৰ্গৰ সহায়কজন আছে ব্যক্তিগত সৰু বাহনৰ চালকৰ অনুজ্ঞাপত্ৰৰ কাম দায়িত্বত৷ কাজেই, অতি গুৰুত্বপূৰ্ণ দায়িত্বত থকাৰ পিছতো কৰ্মচাৰী দুজন নিতৌ পলমকৈ কাৰ্যালয়লৈ অহাৰ বাবে যান-বানৰ পঞ্জীয়ন আৰু চালকৰ অনুজ্ঞাপত্ৰৰ কাম নিৰ্দিষ্ট সময়ৰ পৰিৱৰ্তে তিনি-চাৰি মাহতো সম্পূৰ্ণ নহয় বুলি অভিযোগ তুলি একাংশ লোকে ৷ফলত গাথিৰ ধন ভাগি তাতবাতি কাঢ়িবলগীয়াত পৰে সৰ্বসাধাৰণ ৰাইজে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0