নগাঁওঃ এটি পথৰ বাবে যমৰ যাতনা ভুগিব লগা হৈছে শ-শ লোকে৷ গড়কাপ্তানি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ গাফিলতিৰ বাবে পথটো চকলা চকলে পথৰ পকীবোৰ এৰি যোৱাত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে৷ নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চলৰ ৰাইজৰ যাতায়তৰ মূল পথ হৈছে নগাঁও-বটদ্রৱা-ধিং-মৈৰাবাৰী সংযোগী সদা ব্যস্ত ৰাজ্যিক পথ।
শ্রীমন্ত শংকৰদেৱ পথ নামৰ নগাঁও সদৰৰ পৰা বটদ্রৱা আৰু ধিং হৈ মৈৰাবাৰীলৈকে বিস্তৃত ৩৪ কিলোমিটাৰ দৈঘ্যৰ পথটো বখলা-বখলে খহি ঠায়ে ঠায়ে প্রকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে। সম্প্রতি পথটোৰ হয়বৰগাঁও, হুজগাঁও, চলচলি, ৰাইদঙীয়া, কদমনি, ধুপগুৰি, চমুৱাগাঁও, আঁঠগাঁও, নিজ ধিং, ছাগলতল আদি অঞ্চলৰ পথৰ মাজত দ’ দ’ গাঁতৰ সৃষ্টি হোৱাৰ ফলত নিতৌ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।