54
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁৱৰ আগশাৰীৰ নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ ইউনিক ডাঞ্চ একাডেমীৰ উদ্যোগত অনুষ্ঠিত ছয় দিনীয়া নৃত্য কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰে।
পুৱা বন্তি প্ৰজ্বলন, নটৰাজ বন্দনাৰে আৰম্ভণি হোৱা সামৰণি অনুষ্ঠানটিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অংশ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলে বিহু, শাস্ত্ৰীয়, সত্রীয়া, আধুনিক নৃত্য আদি অনুষ্ঠান পৰিৱেশন কৰে।