জয়ন্ত মুদৈ, নগাঁওঃ নগাঁৱৰ আগশাৰীৰ নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ ইউনিক ডাঞ্চ একাডেমীৰ উদ্যোগত অনুষ্ঠিত ছয় দিনীয়া নৃত্য কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰে। 

পুৱা বন্তি প্ৰজ্বলন, নটৰাজ বন্দনাৰে আৰম্ভণি হোৱা সামৰণি অনুষ্ঠানটিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অংশ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলে বিহু, শাস্ত্ৰীয়, সত্রীয়া, আধুনিক নৃত্য আদি অনুষ্ঠান পৰিৱেশন কৰে। 

নগাৱঁৰ লক্ষীনগৰ স্থিত ইউনিক ডাঞ্চ একাডেমীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটিত অধ্যক্ষ ৰুপম বৰা, মুম্বাইৰ বিশিষ্ট নৃত্য শিল্পী চনু গিৰি, ভুৱন চন্দ্ৰ দাস, দিব্যা বৰাকে প্ৰমুখ্য কৰি প্ৰশিক্ষাৰ্থী, অভিভাৱক-অভিভাবিকা, অতিথি সহ শতাধিক দৰ্শক উপস্থিত আছিল।