নগাঁওঃ '৪২ৰ আন্দোলনত যৌৱন সঁপি দিয়া কুঞ্জলতা বৰা আৰু নাই। নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দক্ষিণপাটৰ হাতীগড়ৰ '৪২ৰ শ্বহীদ হেমৰাম বৰাৰ পত্নী কুঞ্জলতা বৰা (কৈকেয়ী)ৰ ৯৫ বছৰ বয়সত নগাঁৱৰ লক্ষীনগৰৰ নিজা বাসগৃহত মৃত্যু হয়।
বাৰ্দ্ধক্যজনিত কাৰণত মঙলবাৰে নিশা ১০.১০ বজাত পৰলোকপ্ৰাপ্তি ঘটা সৰবৰহী মহিলাগৰাকীৰ৷ তেওঁৰ মৃত্যুত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰিছে।
বিবাহৰ ডেৰ বছৰৰ পাছতে কুঞ্জলতা বৰাৰ স্বামী হেমৰাম বৰাই নগাঁৱৰ বেবেজীয়াত ব্ৰিটিছ সৈন্যৰ গুলী বুকু পাতি লৈছিল। যাৰফলত গাভৰু কালতে বৈধব্যৰ সাজ পৰিধান কৰিবলগীয়া হৈছিল কুঞ্জলতা বৰাই।
আজি পুৱা নগাঁৱৰ মিলনপুৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ । মৃত্যুৰ সময়ত তেওঁ এগৰাকী জীয়ৰীৰ লগতে নাতি-নাতি বোৱাৰী আদিকে ধৰি বিভিন্ন আত্মীয়-কুটুম্বক ইহ সংসাৰত এৰি থৈ গৈছে । শ্বহীদ পত্নীগৰাকীৰ মৃত্যুত সৃষ্টি, অভিনৱ সাংস্কৃতিক গোষ্ঠী, সুৰৰ পানচৈ শিল্পী সমাজ আদিকে ধৰি নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।