ডিজিটেল ডেক্স,খাৰুপেটীয়া: হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে আজি দৰং জিলা মুছলিম ছাত্ৰ সন্থাই দলগাঁও থানাত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধুলা থানাত এজাহাৰ দাখিল কৰে ।
গুৱাহাটীত হোৱা বোমা বিস্ফোৰণৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ ঈদ আৰু মহৰমৰ সময়ত মুছলমান এলেকাত বোমা বিস্ফোৰণ কৰিবলৈ আলফা (স্বা) ৰ সেনাধক্ষ্য পৰেশ বৰুৱাক প্ৰত্যাহব্বান জনাইছিল শিলাদিত্যই বিধায়কজনৰ এনে উচটনিমূলক মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিছে মুছলিম ছাত্ৰ সন্থাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বিধায়কজনক গ্ৰেপ্তাৰৰ দাবী সংগঠণদুটাৰ |

ফখৰুল ইছলাম
খাৰুপেটীয়া