ডিজিটেল ডেক্স,নগাঁওঃ এখুজি দুখুজিকৈ ধৰালৈ নামি আহিছে শীত। তাৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে বিয়পি পৰিছে সজলধৰা ধানৰ সোণালী আভা ৷ তাতে আকৌ সোণত সোৱগা চৰাইছে শাৰদীয় উৎসৱ দূৰ্গা পূজাৰ জাকজমকতাই ৷ পৰিণতিত চৌদিশে কেৱল দেখা গৈছে অপাৰ আনন্দ-উল্লাসৰ ঢল ৷ গতিকে একে এক প্ৰাণোজ্জ্বল পৰিবেশৰ মাজতে কৃষিজীৱি লোকৰ বুকুৰোআপোন খেতি-পথাৰ শস্য শ্যামলা হোৱাৰ কামনাৰে আজি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাবাসী লোকসকলেও উৎসাহ-উদ্দীপনাৰে পালন কৰিলে কাতি বিহু ৷ তদনুযায়ী আগচোতালৰ তুলসী বৃক্ষৰ তলত আৰু খেতি-পথাৰত গৃহিনীয়ে চাকি-বন্তি জ্বলাই সেৱা আগবঢ়োৱাৰ বিপৰীতে এই বিহুৰ আনুষংগিক পৰম্পৰা হিচাপে কৃষিভূমিত লহপহকৈ বাঢ়ি অহা ধাননিডৰাত কৃষকে আকাশ বন্তি জ্বলায় ৷ উল্লেখ্য,বিগত বৰ্ষত প্ৰতিকূল বতৰৰ বাবেই ধানখেতি সুকলমে কৰিব নোৱাৰা অধিকাংশ নগঞা কৃষকে পৰম্পৰাগতভাবে কাতি বিহু পালন কৰিব পৰা নাছিল ৷ কিন্তু এইবেলি তেনে বেদনাদায়ক পৰিস্থিতিৰ উদ্ভৱ নোহোৱাত নগঞা ৰাইজে সুকলমে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে কাতি বিহু পালনোকৰা দেখা যায় ৷ জিলাখনৰ সকলো গ্ৰামাঞ্চলতে পূৰ্ব পৰম্পৰা অনুসৰি গঞাই থোৰ মেলা তথা গেৰ ধৰা ধানেৰে লহপহীয়া হৈ পৰা ধাননি পথাৰত অনিষ্টকাৰী পোক-পতংগৰ পৰা ৰক্ষা কৰিবলৈ চোৱা গছৰ ডাল পুতি আৰু জাকে জাকে যুৱক-যুৱতী আৰু মহিলাৰ দল পথাৰলৈ গৈ হাঁহি-ধেমালীৰ মাজেৰে ৰবাব টেঙা খাই তাৰ বাকলিবোৰ ঠন ধৰি উঠা ধাননিডৰালৈ দলিয়াই দি আনন্দত আত্মহাৰা হৈ পৰে ৷ তদুপৰি বয়োজ্যেষ্ঠসকলে সেউজীয়া ধাননি পথাৰৰ মাজে মাজে মাহ-শৰাই,চাকি-বন্তি দিয়াৰ বিপৰীতে আকাশ বন্তি লগাই অনাগত দিনবোৰ ধনে-ধানে ভৰি পৰাৰ লগতে সুখ-শানঁতি বিৰাজমান হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনায় ৷ আনকি কণ কণ শিশুসকলেও সন্ধিয়া তুলসীৰ তলে তলে নাম লগাই আআন্দ-স্ফূৰ্তিত মতলীয়া হৈ পৰা দৃশ্যই এক সুকীয়া পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয় ৷