ৰাইদঙীয়াত বিজেপি প্ৰাৰ্থীৰ গুণ্ডাগিৰি, অগপৰ নিৰ্বাচন সমিতিৰ সম্পাদক দলবদ্ধভাৱে আক্ৰমণ

 | by NNO Correspondent  |  0
Printer-friendly version

নগাঁওঃ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব সম্পন্ন হোৱাৰ কিছুসময়ৰ পিছতেই নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ জাজৰি থানাৰ এলেকাধীন ৰাইদঙীয়াত স্বয়ং বিজেপি দলৰ এগৰাকী প্ৰাৰ্থীয়ে প্ৰদৰ্শন কৰা চৰম গুণ্ডাগিৰিৰ ঘটনাই সমগ্ৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰাপ্ত খবৰ মতে, কালি ভোটগ্ৰহন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতেই সন্ধ্যা প্ৰায় ৬ বজাত ৰাইদঙীয়া গাঁও পঞ্চায়তৰ বিজেপিৰ কাউঞ্চিলৰ পদৰ প্ৰাৰ্থী প্ৰাঞ্জল দাসে লগত নিজৰ পিতৃ মুলান দাস আৰু আন দুজন অচিনাক্ত যুৱকক লৈ ৰাইদঙীয়া পঞ্চায়তৰ অগপ দলৰ নিৰ্বাচন সমিতিৰ সম্পাদক নিতুমনি বৰাক দলবদ্ধভাৱে আক্ৰমন কৰে৷ হাতে হাতে ৰ’ড, লাঠি আৰু চোকা অস্ত্ৰ লৈ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ নেৰ্তৃত্বত অহা দলটোয়ে অগপৰ নিৰ্বাচন সমিতিৰ সম্পাদকজনক ঘৰৰ পদূলিতে খুব বেয়াকৈ মাৰধৰ কৰাৰ উপৰি সম্পাদকজনৰ ডিঙিৰ সোণৰ চেইন আৰু দলীয় নিৰ্বাচনী কাম-কাজৰ বাবে লগত থকা প্ৰায় ১৭ হাজাৰ টকা কাঢ়ি নিয়ে৷

আনিক বিজেপি প্ৰাৰ্থী প্ৰাঞ্জল দাসে অগপৰ নেতাজনক প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি মাটিত বগৰাই লৈ বুকুত ভৰিৰে গছকি মৃত্যুৰ ভাবুকি দিয়ে৷ এনে আকস্মিক আক্ৰমণত কিংকৰ্তব্য-বিমূঢ় হৈ প্ৰাণৰ ভয়ত অগপৰ নেতাজনে চিঞৰ-বাখৰ কৰাত সেইস্থানত বহুলোক সমবেত হোৱাত আক্ৰমনকাৰী দলটোয়ে লগত অনা মটৰ চাইকেলত উঠি পলায়ন কৰে৷

লগে লগে ৰাইজে স্থানীয় জাজৰি আৰক্ষীক খবৰ দিয়াৰ বিপৰীতে মুৰ, বুকু, নাক আৰু মুখত গুৰুত্বৰভাৱে আঘাত পোৱা অগপৰ নেতাজন চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ পিছত ঘটনা সংক্ৰান্তত অগপৰ ৰাইদঙীয়া আঞ্চলিক সমিতিৰ ফালৰপৰা বিজেপিৰ প্ৰাৰ্থী প্ৰাঞ্জল দাস আৰু তেওঁৰ পিতৃৰ লগতে আন দুজন যুৱকৰ বিৰুদ্ধে নিশাই আৰক্ষীক এজাহাৰ দাখিল কৰে৷ 

ইফালে, আজি পুৱাৰ ভাগত চৰম গুণ্ডাগিৰিত লিপ্ত থকা বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে নিজেই আহি জাজৰি থানাত উপস্থিত হোৱাত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ১৮৫ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি থানাতে অভিযুক্তক আবদ্ধ কৰি বাতৰি লিখাৰ পৰলৈকে সোধা-পোছা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ কালি ভোটগ্ৰহনৰ দিনা বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী বিধি উলংঘাৰে ভোটাৰক প্ৰলোভিত কৰা আৰু ৰিগিঙত লিপ্ত থকা কাৰ্যত বাধা দিয়াৰ বাবেই অগপৰ নিৰ্বাচন সমিতিৰ সম্পাদক নিতুমনি বৰাক ভোটগ্ৰহনৰ পিছতেই এনেদৰে আক্ৰমণ কৰাৰ অভিযোগ তুলিছে অগপৰ শিবিৰে৷