নগৰবেৰাঃ ডায়েৰিয়া ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কামৰূপ জিলাৰ নগৰবেৰা অঞ্চলত৷ বৰষুণ দিবলৈ আৰম্ভ কৰাৰ পিছতে কামৰূপ জিলাৰ নগৰবেৰা অঞ্চলত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ডায়েৰিয়া সদৃশ ৰোগে। জিলা স্বাস্থ্য বিভাগে হাত সাৱটি বহি থকাৰ ফলতে এই ৰোগ নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷ 

কামৰূপ জিলাৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ে ৰোগে সংহাৰ ৰূপ ধাৰণ কৰিবলৈ ওলাইছে যদিও খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ নগৰবেৰাৰ বৰুৱা বালিঝাৰত প্ৰতিঘৰ লোকৰ দুই-তিনিজন লোক ৰোগত আক্ৰাম্ত হৈছে৷ এই ৰোগৰ পৰা শিশুও বাছি যোৱা নাই বুলি খবৰ আহিছে৷ বাৰিষাৰ বৰষুণৰ পিছত এই ৰোগে নগৰবেৰাত অধিক ভয়ানক ৰূপ লৈছে যদিও ৰোগ প্ৰতিৰোধত নিৰৱ দৰ্শক হৈ আছে সংশ্লিষ্ট বিভাগ।

ঘৰে ঘৰে ডাইৰিয়া আক্ৰান্ত ৰোগী থকাৰ পিছতো বৰুৱা বালিঝাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰ্যাপ্ত সুবিধা নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ চিকিৎসালয় খনত উপযুক্ত বিছনা, চিকিৎসক, ঔষধ, নাৰ্চ নোহোৱাৰ ফলত ৰাইজে হাহাকাৰ কৰিব লগা হৈছে৷ বহু ৰোগীয়ে চিকিৎসালয়ৰ মজিয়াত শুই থকা দেখা যায়৷ চিকিৎসকৰ অভাৱত ৰোগী আৰু ৰোগীৰ অভিভাৱকে ককবকাব লগা হৈছে৷ 

বালিঝাৰৰ কেইবাগাৰকী লোকক ডাইৰিয়াত আক্ৰান্ত হোৱা পুৰুষ মহিলাক বৰুৱা বালিঝাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও পৰ্যাপ্ত চিকিৎসা সেৱা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ কিয়নো চিকিৎসালয় খনত নাই কোনো চিকিৎসক৷ এজন হোমিঅ’ প্যেথিক চিকিৎসক আছে যদিও সপ্তাহত দুই এদিন হে চিকিৎসালয়লৈ আহে বুলি জানিব পৰা যায়৷

এনে অৱস্থাত উপযুক্ত চিকিৎসাৰ বাবে হাহাকাৰ কৰিছে ডাইৰিয়াত আক্ৰান্ত পৰিয়ালৰ লোক৷ চিকিৎসালয়ৰ পৰিৱৰ্তে ঘৰতেই চিকিৎসা কৰিব লগা হৈছে ডাইৰিয়াত আক্ৰান্ত লোকক৷ প্ৰকৃততে এয়াই ৰাইজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ৷ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কথাৰ দম্ভালি মাৰিলেও সম্প্ৰতি ৰাজ্যৰ গ্ৰাম্যঞ্চলৰ অধিকাংশ চৰকাৰী চিকিৎসালয়ৰ অৱস্থাই এনেকুৱা৷